Showing posts with label বিজ্ঞান আৰু প্রযুক্তি. Show all posts
Showing posts with label বিজ্ঞান আৰু প্রযুক্তি. Show all posts

Friday, April 4, 2025

আমেৰিকাৰ বিজ্ঞানীয়ে আবিস্কাৰ কৰিলে এটা চাউলতকৈও সৰু বেতাঁৰ পেচমেকা

আমেৰিকাৰ বিজ্ঞানীয়ে আবিস্কাৰ কৰিলে এটা চাউলতকৈও সৰু বেতাঁৰ পেচমেকা

 আমেৰিকাৰ বিজ্ঞানীয়ে আবিস্কাৰ কৰিলে এটা চাউলতকৈও সৰু বেতাঁৰ পেচমেকা 

উৱেভ ডেস্ক, ৪এপ্ৰিলঃ আমেৰিকাৰ ইলিনয়ৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বিশ্বৰ আটাইতকৈ সৰু পেচমেকাৰ তৈয়াৰ কৰিছে। বুধবাৰে তেওঁলোকে কয় যে নতুন পেচমেকাৰটো এটা চাউলতকৈও সৰু আৰু তাঁৰমুক্ত।

Saturday, February 22, 2025

কোনো দিন ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে, কাৰণ কি ?

কোনো দিন ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে, কাৰণ কি ?

 কোনো দিন ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে, কাৰণ কি ?

বি.চি. ডেস্ক, ২২ফেব্ৰুৱাৰীঃ কেতিয়াও ধূমপান নকৰা লোকৰ মাজত কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পাইয়েই আছে। এই ক্ষেত্ৰত বায়ু প্ৰদূষণ এক উল্লেখযোগ্য কাৰক হিচাপে বিবেচিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্কট গৱেষণা সংস্থা আইএআৰচিয়ে এই তথ্য প্ৰকাশ কৰিছে।

আই এ আৰ চিৰ তথ্য অনুসৰি কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগ, এতিয়া বিশ্বজুৰি কৰ্কট ৰোগত মৃত্যুৰ পঞ্চম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে।

আই এ আৰ চিৰ মতে, কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগ মূলতঃ এডিনকাৰ্চিনোমা (হাওঁফাওঁৰ এক প্ৰকাৰৰ কৰ্কট ৰোগ) হিচাপে দেখা দিয়ে। হাওঁফাওঁৰ চাৰি প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত এডিনকাৰ্চিনোমা হৈছে প্ৰধান।

লেন্সেট ৰেস্পিৰেটৰী মেডিচিন জাৰ্নেলত প্ৰকাশিত আই এ আৰ চিৰ গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত এডিনকাৰ্চিনোমা ৰোগীৰ প্ৰায় ২ লাখ লোক বায়ু প্ৰদূষণৰ সংস্পৰ্শৰ প্ৰভাব আছিল মূল। গৱেষণাৰ মতে এডিনকাৰ্চিনোমাৰ সৈতে বায়ু প্ৰদূষণৰ সম্পৰ্ক পূব এছিয়াত বিশেষকৈ চীনত অধিক হোৱা দেখা গৈছে।

সমীক্ষাৰ শীর্ষ লেখক আইএআৰচিৰ কেন্সাৰ বিষয়ক অধ্যয়ন শাখাৰ প্রধান ফ্রেডি ব্রে গার্ডিয়ানে দিয়া সাক্ষাৎকাৰত জনাইছে যে, গবেষণাত পোৱা তথ্যৰ পৰা বুজাযায় যে, হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকাৰ ধৰণ পৰিৱৰ্তিত হোৱাৰ বিষয়টো জৰুৰী ভাবে বিবেচনা কৰাৰ প্রয়োজন। যদিও ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ নহয় তেনে হলে তেওঁ লগতে কয় যে বায়ু প্ৰদূষণৰ দৰে অন্যান্য সম্ভাৱ্য কাৰণ বোৰ চিনাক্ত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

সমগ্ৰ বিশ্বৰ যথেষ্ট সংখ্যক লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত। ২০২২ চনত বিশ্বৰ প্ৰায় ২৫ লাখ লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। হাওঁফাওঁৰ কৰ্কট ৰোগৰ চাৰিটা প্ৰধান প্ৰকাৰ হল এডিনকাৰ্চিনোমা, স্ক্ৱামাছ চেল কাৰ্চিনোমা, ক্ষুদ্ৰ কোষৰ কাৰ্চিনোমা আৰু বৃহৎ কোষৰ কাৰ্চিনোমা। আই এ আৰ চিয়ে কয় যে পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত এডিনকাৰ্চিনোমা প্ৰধান কাৰণ হৈ পৰিছে।

২০২২ চনত কেন্সাৰ ধৰা পৰা ৪৫.৬ শতাংশ পুৰুষ আৰু ৫৯.৭ শতাংশ মহিলাৰ এডিনকাৰ্চিনোমা হৈছিল। ২০২০ চনত পুৰুষৰ ৩৯ শতাংশ আৰু মহিলাৰ ৫৭.১ শতাংশ। আই এ আৰ চিয়ে জনোৱা মতে, কেতিয়াও ধূমপান নকৰা লোকৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱা লোকৰ ৭০ শতাংশই এডিনকাৰ্চিনোমাত আক্ৰান্ত হয়।

বিগত ৪০ বছৰত বেছিভাগ দেশতে পুৰুষৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ হাৰ হ্ৰাস পাইছে যদিও মহিলাৰ ক্ষেত্ৰত এই ৰোগ বৃদ্ধি পাইয়েই আছে।

তথাপিও হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ অধিকাংশই পুৰুষ (২০২২ চনলৈকে প্ৰায় ১৬ লাখ)। কিন্তু মহিলা আৰু পুৰুষৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ হাৰৰ মাজৰ ব্যৱধান কমি আহিছে। ২০২২ চনত প্ৰায় ৯ লাখ মহিলা হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

২০২৩ চনত গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰা মহিলাৰ সংখ্যাই পুৰুষৰ সংখ্যাতকৈ বেছি। ইয়াৰ পিছত মহিলাসকলক হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত যিমান সাৱধান হব লাগে, সিমানেই স্তন কেন্সাৰৰ ক্ষেত্ৰতো সাৱধান হবলৈ পৰামৰ্শ দিয়া হৈছিল।

কেন্সাৰ বিশেষজ্ঞসকলে কয় যে মহিলাসকলে যেনেকৈ স্তনত গোটা অনুভৱ কৰিলে পৰীক্ষা কৰা উচিত, হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণসমূহৰ প্ৰতিও সজাগ হব লাগে।

পৃথিৱীত কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ শতকৰা হাৰ কিমান সেয়া জনা নাযায়। এই ধাৰা বৃদ্ধি পোৱাৰ লক্ষণহে দেখা গৈছে। ধূমপানৰ উপৰিও হাওঁফাওঁৰ কৰ্কট ৰোগৰ কাৰণ কি সেই বিষয়ে জানিবলৈ গৱেষণা চলাইছে বিজ্ঞানীসকলে।

Friday, February 7, 2025

লা নিনাই সমগ্ৰ বিশ্বতে নিজৰ শক্তি দেখুৱাইছে, এইবাৰ গৰম দীৰ্ঘস্থায়ী হ’ব

লা নিনাই সমগ্ৰ বিশ্বতে নিজৰ শক্তি দেখুৱাইছে, এইবাৰ গৰম দীৰ্ঘস্থায়ী হ’ব

 লা নিনাই সমগ্ৰ বিশ্বতে নিজৰ শক্তি দেখুৱাইছে, এইবাৰ গৰম দীৰ্ঘস্থায়ী হ

বি.চি. ডেস্ক, ৭ফেব্ৰুৱাৰীঃ জানুৱাৰী মাহৰ পৰাই যেন শীতকালৰ প্ৰভাৱ কমি আহিছে।  লাহে লাহে তাপে নিজৰ ৰাজত্ব প্ৰতিষ্ঠা কৰি আছে। যি সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত শীতকাল পূৰ্ণ গতিত চলি থাকে তেনে সমময়তে আৰম্ভ হৈছে গৰমৰ খেলা ২০২৫ চনত বিশ্বই যি ঠাণ্ডা লা নীনা দেখাৰ আশা কৰিছিল এইবাৰ তাৰ বিপৰীত প্ৰভাৱ পৰিব লৈছে



ইউৰোপৰ বতৰ বিজ্ঞানীসকলৰ মতে জানুৱাৰী মাহৰ শেষৰ পৰাই গৰম পৰিবলৈ আৰম্ভ কৰিছে। নাছাৰ এগৰাকী বিশিষ্ট বিজ্ঞানীয়ে কয় যে লা নীনাই গোলকীয় উষ্ণতাৰ লগত ফেৰ মিলাব পৰা নাই। গতিকে নিজৰ স্বাভাৱিক গতি হেৰুৱাই লাহে লাহে বিপৰীত দিশ লৈ গতি কৰিছেএই অধ্যয়নত দেখা গৈছে যে জানুৱাৰী মাহত বিশ্বৰ বিভিন্ন প্ৰান্তত গড় তাপমাত্ৰা ০.০০৯ ডিগ্ৰী চেলছিয়াছ বেছি বৃদ্ধি পাইছেইয়াৰ আগতেও এনে উদাহৰণ আছে কিন্তু এইবাৰ যেন অলপ বেছি আগতীয়াকৈ গৰম আহিছে।

নাছাই কৈছে যে পৃথিৱীৰ জলবায়ু পৰিবৰ্তন হৈছে, আৰু সেয়া শুদ্ধ। কিন্তু এই ধৰণৰ পৰিস্থিতি বিগত ২০ বছৰ পিচতহে পোহৰলৈ আহিছেপৃথিৱীৰ বিভিন্ন প্ৰান্তত গ্রিনহাউছ গেছৰ প্ৰবাহ বৃদ্ধি পাইছে। স্বাভাৱিক বতাহৰ লগত মিহলি হৈ থকা কয়লা আৰু প্ৰাকৃতিক গেছৰ ভগ্নাংশই নতুন সমস্যাৰ সৃষ্টি কৰিছে। লা নীনাই নিজৰ কাম সঠিকভাৱে কৰিব নোৱাৰাৰ ফলত অনাগত দিনত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাব। 



প্ৰশান্ত মহাসাগৰৰ পৰা আহিবলগীয়া ঠাণ্ডা বতাহৰ প্ৰবাহ এতিয়া বিপৰীত দিশত বলিবলৈ আৰম্ভ কৰিছে। এল নিনোৰ প্ৰভাৱত যত স্বাভাৱিকতকৈ অধিক বৃষ্টিপাত হয়। তাকেলৈ সকলোৱে ধৰি লৈছিল যে লা নীনাৰ প্ৰভাৱৰ বাবে শীতকাল বহুত বেছি দিন টিকি থাকিব। কিন্তু সেয়া নহল।

ইতিমধ্যে ২০২৪ চনত পৃথিৱীয়ে দেখুৱাই গৈছে সর্বোচ্চ গৰম। অভিলেখ সৃষ্টি কৰিছে। আৰু এইবাৰ লা নীনাৰ বিপৰীত প্ৰভাৱৰ বাবে এই বছৰ কেৱল গৰম হোৱাই নহয়। লগতে উষ্ণতাৰ প্ৰভাৱ বহুত বেছি হব। এই বছৰৰ বহু আগতেই গৰম আহিছে, গতিকে ই বহুত বেছি দিনলৈ থাকিব।



Thursday, January 16, 2025

১৬০০০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এটা বিৰল ধুমকেতু

১৬০০০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এটা বিৰল ধুমকেতু

১৬০০০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এটা বিৰল ধুমকেতু


১৬০০০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পৃথিৱীৰ আকাশত উজ্জ্বল ধুমকেতু দেখা পোৱা গৈছে। নাছাৰ তথ্য অনুসৰি ধুমকেতুৰ উজ্জ্বলতা আগতীয়াকৈ নিৰ্ণয় কৰাটো কঠিন। অৱশ্যে ধুমকেতু C/2024 G3 (Atlas) খালী চকুৰে দেখা পোৱাকৈ উজ্জ্বল হব পাৰে।

সোমবাৰে ধুমকেতুটোৱে সূৰ্য্যৰ আটাইতকৈ ওচৰৰ বিন্দু (পেৰিহেলিয়ন)ত উপনীত হয়। বিশেষজ্ঞসকলে কয় যে সোমবাৰৰ নিশাৰ পৰা দেখা যাব পাৰে। ধুমকেতুটো শুক্ৰৰ দৰে উজ্জ্বল হব পাৰে। যদিও সম্ভাৱ্য দৃশ্যমানতাৰ সঠিক স্থান অজ্ঞাত, বিশেষজ্ঞসকলৰ মতে ইয়াক দক্ষিণ গোলাৰ্ধৰ পৰাই সৰ্বোত্তমভাৱে দেখা যায়।

যোৱা বছৰ নাছাৰ এষ্টেৰইড টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেম (ATLAS) য়ে এই ধুমকেতুটো দেখা পাইছিল। কিংছ কলেজ লণ্ডনৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু ব্ৰহ্মাণ্ডবিজ্ঞান বিজ্ঞানৰ গৱেষক ড. শ্যাম বালাজীয়ে কৈছে, "বৰ্তমানৰ কক্ষপথৰ গণনা অনুসৰি এই ধুমকেতুটো সূৰ্য্যৰ পৰা প্ৰায় ৮৩ লাখ মাইল দূৰত্বত পাৰ হ'ব সেয়েহে ইয়াক "সূৰ্য্যৰ ওচৰত" ধুমকেতু বুলি কোৱা হয়বিশ্ববিদ্যালয়খনে এই ধুমকেতুটোক ১ লাখ ৬০ হাজাৰ বছৰৰ ভিতৰত এবাৰ হোৱা ঘটনা বুলি অভিহিত কৰে।

ডাঃ ড. বালাজীয়ে কয়, ‘ধুমকেতুটো দেখাৰ সুযোগ হয়তো পেৰিহেলিয়নৰ আশে-পাশে থকা দিনবোৰত হব পাৰে। কিন্তু ই স্থানীয় পৰিস্থিতি আৰু ধুমকেতুটোৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰিব সকলো ধুমকেতুৰ দৰেই ইয়াক দেখাৰ সম্ভাৱনা আৰু ইয়াৰ উজ্জ্বলতা অনিশ্চিত,” বালাজীয়ে লগতে কয় যে দক্ষিণ গোলাৰ্ধত বাস কৰা লোকসকলে ধুমকেতুটো ভালকৈ দেখা পাব পাৰেসূৰ্য্য উদয়ৰ আগতে পূব আকাশত আৰু পেৰিহেলিয়নৰ পিছত সূর্যাস্তৰ পিছত পশ্চিম আকাশত ধুমকেতুটো দেখা যায়।

কিন্তু বালাজীয়ে লগতে কলে, ‘যদিও ধুমকেতুটো অতি উজ্জ্বল হোৱাৰ সম্ভাৱনা আছে, তথাপিও ইয়াৰ উজ্জ্বলতাৰ আগজাননী দিয়াটো অতি অনিশ্চিত। কেতিয়াবা এই বোৰ কাৰণতে ধুমকেতুটো দেখাৰ আশা ম্লান হৈ পৰে।ধুমকেতুটোৰ সূৰ্য্যৰ অৱস্থানৰ সম্পৰ্কৰ বাবে ব্ৰিটেইনকে ধৰি উত্তৰ গোলাৰ্ধৰ পৰা ইয়াক দেখাটো কঠিন হব পাৰে।

বালাজীয়ে ধুমকেতুটো চাব বিচৰাসকলক পোহৰ প্ৰদূষণৰ পৰা আঁতৰত স্থান বিচাৰি উলিয়াবলৈ আৰু এযোৰ বাইনোকুলাৰ বা সৰু টেলিস্কোপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সজাগ হৈ থাকিবলৈ সকীয়াই দিয়ে। আকাশত কত দেখা যাব পাৰে সেইটো নিৰ্ণয় কৰিবলৈ ধুমকেতুটোৰ অৱস্থান অনুসৰণ কৰিবলৈ কোৱা হৈছে।

ইতিমধ্যে জ্যোতিৰ্বিজ্ঞানীসকলে ধুমকেতুটোৰ পথ অনুসৰণ কৰিছে। শনিবাৰে নাছাৰ মহাকাশচাৰী ডন পেটিটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ধুমকেতুটোৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘কক্ষপথৰ পৰা ধুমকেতু দেখাটো সঁচাকৈয়ে আচৰিত।

উৎস: বিবিচি


Monday, October 28, 2024

এ আই গডফাদাৰৰ মন্তব্য: এয়া যেন বিনা মেঘে বজ্ৰপাত !

এ আই গডফাদাৰৰ মন্তব্য: এয়া যেন বিনা মেঘে বজ্ৰপাত !

 

এ আই গডফাদাৰৰ মন্তব্য: এয়া যেন বিনা মেঘে বজ্ৰপাত !

বিজ্ঞান আৰু প্ৰযুক্তি ডেস্ক২১ অক্টোবৰ : কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিয়ে পৃথিৱীখনক ধুমুহা গতিৰে লৈ গৈছে। প্ৰযুক্তিয়ে বিশ্বত আমূল পৰিৱৰ্তন আনিছে। কিন্তু ইয়াৰ এজন গডফাদাৰ বিখ্যাত জেফ্ৰি এভাৰেষ্ট হিণ্টনে কেতিয়াও ভবা নাছিল যে এআইয়ে তেওঁলৈ নোবেলৰ দৰে সন্মান কঢ়িয়াই আনিব। খবৰটো তেওঁৰ বাবে ‘এয়া যেন বিনা মেঘে বজ্ৰপাতৰ দৰে।

 

এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে হিণ্টন আৰু জন জে হপফিল্ড। কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে মেচিন লাৰ্নিং ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। এই প্ৰযুক্তিয়ে কম্পিউটাৰক মানুহৰ দৰে চিন্তা কৰাত সহায় কৰে। ফলত বিজ্ঞানঅভিযান্ত্ৰিক আৰু দৈনন্দিন জীৱনত এক অভূতপূৰ্ব বিপ্লৱৰ সৃষ্টি হৈছে।

 

এআই প্ৰযুক্তিয়ে দিনক দিনে নিজৰ সামৰ্থ্য প্ৰমাণ কৰি আহিছে। মেচিন লাৰ্নিঙে জটিল সমস্যাৰ সহজ সমাধান প্ৰদান কৰে। হিণ্টনে কয় যে এই প্ৰযুক্তিয়ে ঔদ্যোগিক বিপ্লৱৰ দৰে মানৱ সভ্যতাক প্ৰভাৱিত কৰিব। বুদ্ধিমত্তাৰ ক্ষেত্ৰত ই মানুহক অতিক্ৰম কৰিব।

 

তেওঁৰ মতে এআইয়ে প্ৰায় সকলো উদ্যোগতে মানুহক অধিক কাৰ্যক্ষম কৰি তুলিব।

নোবেল বঁটাৰ খবৰ পাই হিণ্টন স্তম্ভিত হৈ পৰিল। তেওঁ আছিল কেলিফৰ্ণিয়াৰ এখন সাধাৰণ হোটেলত। যত ইণ্টাৰনেট বহু দূৰততাত ফোন নেটৱৰ্ক সঠিকভাৱে উপলব্ধ নহয়! "মই একেবাৰে স্তম্ভিত হৈ পৰিছো" হিণ্টনে ক'লে।

 

মোৰ জীৱনত এনেকুৱা একো হব বুলি কেতিয়াও ভবা নাছিলো। বিনা মেঘে বজ্ৰপাতৰ দৰে।

১৯৪৭ চনত জন্মগ্ৰহণ কৰা হিণ্টনে বৰ্তমান কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। তেওঁ ২০১৩ চনত গুগলত যোগদান কৰে। কিন্তু যোৱা বছৰ এআইৰ সংকটৰ বিষয়ে মুক্তভাৱে মাত মাতি গুগলৰ চাকৰি এৰে।